Monday 26 August 2013

এখন চিঠি
সবল হস্তাক্ষৰ ,

"তোমাক বাদ দিও আদৰি লব পাৰিম
মৃত্যুৰ অপবাদ "

স্বাধীনতাৰ শতিকাবোৰ
মোৰ হৈ নাথাকিল ।।

Monday 5 August 2013

মই

হেৰাই যাব খোজো
নীলা চৰাই হৈ ,

মই

সাৱতি লব খোজো
নগ্ন নিশাৰ উৰি ফুৰা এন্ধাৰ ।।
সুখ
অনুবাদ হাঁহিৰ ।

দুখ
অনুবাদ অভিমানৰ ।

সুখ-দুখ
হাঁহি চকুলোৰ বিষাদৰ আনন্দ ।।

বিকাশ
আজন্ম প্ৰেমিক

হতাশা
দৈনন্দিন ব্যস্ততা ।।