১) নিশাৰ শবদে
মনত পেলাই দিয়ে বন্ধু
আউসীৰ প্ৰতিতো পল ,
কিৰিলিয়াই ইতিকিং কৰে
ভাগৰুৱা উন্মাদনাক ।
ৰিমঝিম বতাহজাক যে মই পাহৰিব নোৱাৰিম ।।
২)অভিমান কৰিব পৰাকৈ
তোমাক ভাল পাব নাজানিলো ।।
সন্ধিয়া হলে মনত পৰে
মোৰ ৰঙা কলিজাৰ ব্যথাবোৰ ।।
৩)সুৰাপান কৰি সুৰামত্ত প্ৰেমিক হব নোখোজো
বিছাৰো চাইনাইদৰ স্পৰ্শ
এপলতেই আতৰিব পাৰিম তেতিয়া ।।
বিকাশ
বাংগালুৰু