Tuesday 28 May 2013

কাহৰ ঔষধৰ জমনি


কলেজৰ সময় । প্রথম বর্ষৰ কাহিনী । কলেজৰ হোষ্টেলত শর্মা চাৰৰ দায়িত্বত কেইজনমান লৰা আছিল । লৰাকেইজন খুব জমনী টাইপ আছিল । তাৰ মাজত তাপস , গোলক , বসন্ত, মুনিন আৰু কেইজনমান আছিল যিকেইজন খুব ফুর্তি কৰিছিল । পঢ়া-শুনা বহুত দুৰৈত ৰাখি সিহতে গোতেই কলেজ জীৱনতোত বহুত হাঁহি হাঁহি পেট বিষায় যাব লগা ঘটনা কৰিছিল ।


বহুত দিন আগৰ কথা । তাপসৰ খুব কাহ হল । তাৰ দদায়েক এজনে কাহ ৰ ঔষধৰ বটল এটা আনিলে । সি দৰব ললে । সেই ঔষধটোৰ সোৱাদ খুব তিতা আছিল । খালে মুখ বিকটি যায় । তথাপিও সি খাব লগা হল । অলপ দিনৰ মুৰত ভালো হল বেমাৰ । এদিন ৰাতি সি বহি থাকোতে হাতত সেই বটলতো লৈ ওপৰৰ লেবেলটো নখেৰে আচুৰি উলিয়াই পেলালে । লেবেলটো ওলাই যোৱাৰ পিছত বটলৰ ওপৰত বগা কাগজখন থাকি গল । তাৰ মুৰত কি খেলালে নাজানো কলমটো লৈ বগা অংশখিনিত ডাঙৰ আখৰেৰে লিখিলে POISON । সেই ৰাতিটো সি শুই থাকিল । বটলটো ওচৰৰ টেবুলখনত থৈ দিলে ।


মুনিন পাঠশালাৰ আছিল । সি অলপ বেলেগ ধৰণৰ আছিল । অলপ ভয়াতুৰ আছিল । সেইদিনাখন ৰবিবাৰ আছিল । সকলোৱে নিজৰ কাম-বন কৰি ভাত পানী খাই শুবলৈ গ’ল । দিনটো খুব গৰম । মুনিনে নিজৰ শোৱাকোঠাত ফেনখন চলাই লৈ চকীখনতে বহি টোপনিয়াব ধৰিলে ,লাহে লাহে তাৰ টোপনি আহিল সেই চকীখনত বহি বহি । সি যেতিয়া টোপনি যায় তাৰ মুখখন প্রায় খোল খাই থাকে । মুখেৰে মাখি সোমাই গলেও সি গম নাপায় । ফস্তি মাৰি শুই আছে সি ।



অনিৰুদ্ধ নামৰ লৰা এজন আছিল । সি আছিল তাপসৰ ৰূমমেট । সি তাপসৰ টেবুলত থকা সেই কাহ ৰ ঔষধৰ বটলত POISON লিখা থকা দেখা পালে । সি জানে সেইতো কাহ ৰ ঔষধ । সি সেইতো হাতত লৈ চিধাই মুনিনৰ ৰূম পালে । সি গৈ বসন্তৰ কানত কিবা কথা কলে । বসন্ত হল মুনিনৰ ৰূমমেট । সিহতে খুব হাঁহিলে । তাৰ পিছত সিহত চুপ চাপ আহি মুনিনৰ ওচৰ পালে । মনে মনে সি সাৰ সুৰ নোহোৱাকৈ বটলটোৰ পৰা এচামুচ ঔষধ উলিয়াই মুনিনৰ মেলি থকা সেই মুখখনত বাকি দিলে আৰু মনে মনে ৰূমৰ পৰা ওলাই আহিল । অলপ পিছত মুনিনে কিবা তিতা তিতা সোৱাদ পাই চকীখনৰপৰা জপিয়াই উঠিল ।সি নাক মুখ কোচাই বিকটাই দিলে । ইমানে তিতা আছিল যে শুই থকা মানুহএজন হঠাৎ জপিয়াই উঠিল ।

সি চিঞৰি উঠিল “ আব্বে বসন্ত কি সোমালে মোৰ মুখত বে ? ইমান তিতা তিতা । আবে কি সুমালে বে ?”

বসন্ত দৌৰি আহি কলে “ অনিৰুদ্ধ আহিছিল আৰু এটা বটলৰ পৰা কিবা এচামুচ মুখত ঢালি দি গুচি গৈছিল”

মুনিন “ মাত বে তাক । থুই থুই কেনে সোৱাদ কি আছিল বে ।”

বিচাৰ খোচাৰ কৰাত গোতেইকেইজন বন্ধুৱে দেখিলে যে বটলটোত POISON লিখা আছে । মুনিনৰ জিউ উৰি গ’ল । সি ৰঙা চিঙা পৰি গ’ল । বহুত ভয় খালে । লগৰবোৰে তাক কলে এই বিষ লাহে লাহে বিয়পে দেহত । সি ঘামি জামি লুতুৰ পুতুৰ হল । এই ফালে তাপসে গোতেই কেইজনকে কৈ থৈছে “ অই তহতে মুনিনক দেখিলে আচৰিত হৈ সুধিবি ঐ মুনিন কি হৈছে বে তোৰ ।ইমান ৰঙা কিয় হৈছ তই । কি হল?”


কথামতে কাম । সেই সময়ত যিমান জনে তাক লগ পালে আচৰিতভাবে সুধিলে “ ঐ মুনিন কি হৈছে তোৰ । মানুহতো নীলা বৰনৰ কিয় হৈ উঠিছে । চকু দুটা ৰঙা পৰিছে । কিবা বেমাৰ হল নেকি ?”

কথাখিনি শুনি মুনিন খুব ভয় খালে । এনেয়ে সি আগৰ পৰা ভয় কৰে তাতে আকৌ বিষৰ বটলতো আগত । সি কন্দনামুৱা হল । প্রায় কান্দি পেলালে । লগৰকেইজনে খুব ফুর্তি পালে ।

এজনে আহি আকৌ সেই একেই কথাকে কলে । তেতিয়া সি প্রায় ঢলি পৰিল । সেই সময়ত এজনে কলে “ অই মুনিন ভয় নকৰচোন , কিবা এটা কৰিম আমি ।”



সি এজনক ৰূমত থকা জাৰটোত পানী আনিব কলে । জাৰতো বেচ ডাঙৰ আছিল । পানী আনিলে । তেতিয়া সি কলে “ মুনিন এই গোতেই পানীখিনি খা”

মুনিন “ কেনেকে খাম বে ইমান পানী ”

লৰাজন “ আব্বে যদি ভাল পাব খোজ ভালে ভালে পানীখিনি খতম কৰ । নহলে বিষ বিয়পি যাব ।”

মুনিনে খুব ভয় খালে আৰু কথামতে পানীখিনি খাই পেলালে । সিহতে জোৰকে তাক আৰু এজাৰ পানী খুৱালে । তাৰ পেটতো ঢোলৰ দৰে হৈ পৰিল ।সচাকে ৰঙা ছিঙা পৰিল । ঠিক সেই সময়ত ৰূমৰ ওচৰৰে শর্মা চাৰ গৈ আচিল । তেওঁ মুনিনৰ অবস্থা দেখি সুধি পেলালে “ আৰে মুনিন কি হল ও তোৰ । ইমানকে ৰঙা পৰিছ যে ”

শর্মা চাৰৰ কথাষাৰ শুনি মুনিন সচাকৈয়ে ভয় খাই ভাবিলে সি সচাকৈ সোনকাল মৰিব । সি ভাবিলে “ চাৰে জানো মিছা কথা কব ?”

সি মন মাৰি পেলালে । নিমাওমাও পৰিৱেশ ।

ঠিক সেই সময়ত গোলক আহি পালে আৰু তাৰ গলগলিয়া মাতেৰে সুধিলে “ কি হল ৰে । আজি ইমান ঠাণ্ডা যে ।“ ( গোলকে গোতেই ঘটনাতো জনা নাছিল , সি জনা নাছিল যে লগৰবোৰে মুনিনৰ লগত জমনি কৰি আছে )

মুনিনে কলে যে তাক সিহতে বিষ খুৱাই দিছে । গোলক আচৰিত হল। চিধাই বটলতো আনিব কলে এজনক । সি গলগলিয়া মাতেৰে তাক ধমক দি কলে “ চাল্লা এইতো তাপসৰ কাহৰ ঔষধৰ বটল । ইহতে তোক বুদ্ধু বনাইছে বে ”

মুনিনে কলে “ ও গোলক মই জানো তই মোক খুব ভাল পাও কিন্তু । তই মোক শান্তনা দিব কাৰণে কৈছ কিন্তু বন্ধু মোৰ হাতত সময় বেচি নাই । ”

মুনিনে কথাখিনি খুব গম্ভীৰভাবে মন মাৰি কলে । আচলতে সি ভাবিচিল যে সি সচাকৈয়ে মৰিব । আন নহওক শর্মা চাৰেতো মিছা কথা নকয় ।কিবা এটা নিচ্ছয় হৈছে তাৰ এইবুলি সি কান্দিব ধৰিলে ।


গোলক খঙত জ্বলি পকি উঠিল আৰু তাক ধমক মাৰি কলে “ আব্বে পাগল চুপ থাক । চাল্লা জহনীত যোৱা কাহৰ ঔষধ খাই যদি কোনবা মৰে মইও মৰিম যাহ ।


এইবুলি সি এচামুচ খাই দেখালে তাক । মুনিনে কান্দিব এৰিলে অলপ চিৰিয়াছ হল । আৰম্ভনিৰ পৰা কথাখিনি ভাবিলে । শেষত গোটেই কথাৰ ওৰ জানিব পাৰি সি খঙত টিঙিৰিটুলা হৈ পৰিল আৰু জাউৰিয়ে জাউৰিয়ে ইচ্ছামতে সিহত গোতেই মখাক গালি পাৰিলে .........



বিকাশ দাস

বাংগালুৰু

No comments:

Post a Comment