Thursday 30 May 2013



১) নিশাবোৰ
উজাগৰে কটাবলৈ ভাল লগা হৈছে ।
তুমি যে শিৰে শিৰে এতিয়া বিয়পি
পি পিয়া দি ঘুৰি ফুৰিছা ।




২) তোমাৰ উপস্থিতি অনুভৱ কৰিলে
আজিও মোৰ নাঙঠ প্ৰেম জাগি উঠে ।।
বাৰিষাৰ টোপালে উদঙাই দিয়া
ককালত ৰহণ সানিব মন যায় ।।

Tuesday 28 May 2013

কাহৰ ঔষধৰ জমনি


কলেজৰ সময় । প্রথম বর্ষৰ কাহিনী । কলেজৰ হোষ্টেলত শর্মা চাৰৰ দায়িত্বত কেইজনমান লৰা আছিল । লৰাকেইজন খুব জমনী টাইপ আছিল । তাৰ মাজত তাপস , গোলক , বসন্ত, মুনিন আৰু কেইজনমান আছিল যিকেইজন খুব ফুর্তি কৰিছিল । পঢ়া-শুনা বহুত দুৰৈত ৰাখি সিহতে গোতেই কলেজ জীৱনতোত বহুত হাঁহি হাঁহি পেট বিষায় যাব লগা ঘটনা কৰিছিল ।


বহুত দিন আগৰ কথা । তাপসৰ খুব কাহ হল । তাৰ দদায়েক এজনে কাহ ৰ ঔষধৰ বটল এটা আনিলে । সি দৰব ললে । সেই ঔষধটোৰ সোৱাদ খুব তিতা আছিল । খালে মুখ বিকটি যায় । তথাপিও সি খাব লগা হল । অলপ দিনৰ মুৰত ভালো হল বেমাৰ । এদিন ৰাতি সি বহি থাকোতে হাতত সেই বটলতো লৈ ওপৰৰ লেবেলটো নখেৰে আচুৰি উলিয়াই পেলালে । লেবেলটো ওলাই যোৱাৰ পিছত বটলৰ ওপৰত বগা কাগজখন থাকি গল । তাৰ মুৰত কি খেলালে নাজানো কলমটো লৈ বগা অংশখিনিত ডাঙৰ আখৰেৰে লিখিলে POISON । সেই ৰাতিটো সি শুই থাকিল । বটলটো ওচৰৰ টেবুলখনত থৈ দিলে ।


মুনিন পাঠশালাৰ আছিল । সি অলপ বেলেগ ধৰণৰ আছিল । অলপ ভয়াতুৰ আছিল । সেইদিনাখন ৰবিবাৰ আছিল । সকলোৱে নিজৰ কাম-বন কৰি ভাত পানী খাই শুবলৈ গ’ল । দিনটো খুব গৰম । মুনিনে নিজৰ শোৱাকোঠাত ফেনখন চলাই লৈ চকীখনতে বহি টোপনিয়াব ধৰিলে ,লাহে লাহে তাৰ টোপনি আহিল সেই চকীখনত বহি বহি । সি যেতিয়া টোপনি যায় তাৰ মুখখন প্রায় খোল খাই থাকে । মুখেৰে মাখি সোমাই গলেও সি গম নাপায় । ফস্তি মাৰি শুই আছে সি ।



অনিৰুদ্ধ নামৰ লৰা এজন আছিল । সি আছিল তাপসৰ ৰূমমেট । সি তাপসৰ টেবুলত থকা সেই কাহ ৰ ঔষধৰ বটলত POISON লিখা থকা দেখা পালে । সি জানে সেইতো কাহ ৰ ঔষধ । সি সেইতো হাতত লৈ চিধাই মুনিনৰ ৰূম পালে । সি গৈ বসন্তৰ কানত কিবা কথা কলে । বসন্ত হল মুনিনৰ ৰূমমেট । সিহতে খুব হাঁহিলে । তাৰ পিছত সিহত চুপ চাপ আহি মুনিনৰ ওচৰ পালে । মনে মনে সি সাৰ সুৰ নোহোৱাকৈ বটলটোৰ পৰা এচামুচ ঔষধ উলিয়াই মুনিনৰ মেলি থকা সেই মুখখনত বাকি দিলে আৰু মনে মনে ৰূমৰ পৰা ওলাই আহিল । অলপ পিছত মুনিনে কিবা তিতা তিতা সোৱাদ পাই চকীখনৰপৰা জপিয়াই উঠিল ।সি নাক মুখ কোচাই বিকটাই দিলে । ইমানে তিতা আছিল যে শুই থকা মানুহএজন হঠাৎ জপিয়াই উঠিল ।

সি চিঞৰি উঠিল “ আব্বে বসন্ত কি সোমালে মোৰ মুখত বে ? ইমান তিতা তিতা । আবে কি সুমালে বে ?”

বসন্ত দৌৰি আহি কলে “ অনিৰুদ্ধ আহিছিল আৰু এটা বটলৰ পৰা কিবা এচামুচ মুখত ঢালি দি গুচি গৈছিল”

মুনিন “ মাত বে তাক । থুই থুই কেনে সোৱাদ কি আছিল বে ।”

বিচাৰ খোচাৰ কৰাত গোতেইকেইজন বন্ধুৱে দেখিলে যে বটলটোত POISON লিখা আছে । মুনিনৰ জিউ উৰি গ’ল । সি ৰঙা চিঙা পৰি গ’ল । বহুত ভয় খালে । লগৰবোৰে তাক কলে এই বিষ লাহে লাহে বিয়পে দেহত । সি ঘামি জামি লুতুৰ পুতুৰ হল । এই ফালে তাপসে গোতেই কেইজনকে কৈ থৈছে “ অই তহতে মুনিনক দেখিলে আচৰিত হৈ সুধিবি ঐ মুনিন কি হৈছে বে তোৰ ।ইমান ৰঙা কিয় হৈছ তই । কি হল?”


কথামতে কাম । সেই সময়ত যিমান জনে তাক লগ পালে আচৰিতভাবে সুধিলে “ ঐ মুনিন কি হৈছে তোৰ । মানুহতো নীলা বৰনৰ কিয় হৈ উঠিছে । চকু দুটা ৰঙা পৰিছে । কিবা বেমাৰ হল নেকি ?”

কথাখিনি শুনি মুনিন খুব ভয় খালে । এনেয়ে সি আগৰ পৰা ভয় কৰে তাতে আকৌ বিষৰ বটলতো আগত । সি কন্দনামুৱা হল । প্রায় কান্দি পেলালে । লগৰকেইজনে খুব ফুর্তি পালে ।

এজনে আহি আকৌ সেই একেই কথাকে কলে । তেতিয়া সি প্রায় ঢলি পৰিল । সেই সময়ত এজনে কলে “ অই মুনিন ভয় নকৰচোন , কিবা এটা কৰিম আমি ।”



সি এজনক ৰূমত থকা জাৰটোত পানী আনিব কলে । জাৰতো বেচ ডাঙৰ আছিল । পানী আনিলে । তেতিয়া সি কলে “ মুনিন এই গোতেই পানীখিনি খা”

মুনিন “ কেনেকে খাম বে ইমান পানী ”

লৰাজন “ আব্বে যদি ভাল পাব খোজ ভালে ভালে পানীখিনি খতম কৰ । নহলে বিষ বিয়পি যাব ।”

মুনিনে খুব ভয় খালে আৰু কথামতে পানীখিনি খাই পেলালে । সিহতে জোৰকে তাক আৰু এজাৰ পানী খুৱালে । তাৰ পেটতো ঢোলৰ দৰে হৈ পৰিল ।সচাকে ৰঙা ছিঙা পৰিল । ঠিক সেই সময়ত ৰূমৰ ওচৰৰে শর্মা চাৰ গৈ আচিল । তেওঁ মুনিনৰ অবস্থা দেখি সুধি পেলালে “ আৰে মুনিন কি হল ও তোৰ । ইমানকে ৰঙা পৰিছ যে ”

শর্মা চাৰৰ কথাষাৰ শুনি মুনিন সচাকৈয়ে ভয় খাই ভাবিলে সি সচাকৈ সোনকাল মৰিব । সি ভাবিলে “ চাৰে জানো মিছা কথা কব ?”

সি মন মাৰি পেলালে । নিমাওমাও পৰিৱেশ ।

ঠিক সেই সময়ত গোলক আহি পালে আৰু তাৰ গলগলিয়া মাতেৰে সুধিলে “ কি হল ৰে । আজি ইমান ঠাণ্ডা যে ।“ ( গোলকে গোতেই ঘটনাতো জনা নাছিল , সি জনা নাছিল যে লগৰবোৰে মুনিনৰ লগত জমনি কৰি আছে )

মুনিনে কলে যে তাক সিহতে বিষ খুৱাই দিছে । গোলক আচৰিত হল। চিধাই বটলতো আনিব কলে এজনক । সি গলগলিয়া মাতেৰে তাক ধমক দি কলে “ চাল্লা এইতো তাপসৰ কাহৰ ঔষধৰ বটল । ইহতে তোক বুদ্ধু বনাইছে বে ”

মুনিনে কলে “ ও গোলক মই জানো তই মোক খুব ভাল পাও কিন্তু । তই মোক শান্তনা দিব কাৰণে কৈছ কিন্তু বন্ধু মোৰ হাতত সময় বেচি নাই । ”

মুনিনে কথাখিনি খুব গম্ভীৰভাবে মন মাৰি কলে । আচলতে সি ভাবিচিল যে সি সচাকৈয়ে মৰিব । আন নহওক শর্মা চাৰেতো মিছা কথা নকয় ।কিবা এটা নিচ্ছয় হৈছে তাৰ এইবুলি সি কান্দিব ধৰিলে ।


গোলক খঙত জ্বলি পকি উঠিল আৰু তাক ধমক মাৰি কলে “ আব্বে পাগল চুপ থাক । চাল্লা জহনীত যোৱা কাহৰ ঔষধ খাই যদি কোনবা মৰে মইও মৰিম যাহ ।


এইবুলি সি এচামুচ খাই দেখালে তাক । মুনিনে কান্দিব এৰিলে অলপ চিৰিয়াছ হল । আৰম্ভনিৰ পৰা কথাখিনি ভাবিলে । শেষত গোটেই কথাৰ ওৰ জানিব পাৰি সি খঙত টিঙিৰিটুলা হৈ পৰিল আৰু জাউৰিয়ে জাউৰিয়ে ইচ্ছামতে সিহত গোতেই মখাক গালি পাৰিলে .........



বিকাশ দাস

বাংগালুৰু

ফেচবুকৰ অবাস্তৱ ঘটনা




( দুদিন আগতে হৈ যোৱা সত্য ঘটনাৰ আধাৰ লৈ )

==============================


“ মই হতবাক হৈ ৰলো । উফ কি নিৰ্লজ্যতা । সহজ ভাষাত তাই দেখোন ফেচবুকত দেহৰ ব্যৱসায় কৰিছে ।” -- এই বুলি কৈ মুৰে কপালে হাত দিলে হেমন্ত

মানস ঢলি পৰিছে মজিয়াত । মুখৰ মাত-বোল নাই ।


“মানস ঐ মানস উঠচোন । এনেকৈ ভাঙি পৰিলে হব জানো ? ধৈৰ্য্য ধৰ । ঐ উঠচোন ”---হেমন্তই তাক উঠাব চেষ্টা কৰিলে কিন্তু …



ঘটনাটো আৰম্ভ হয় মিনাক্ষী নামৰ ছোৱালী এজনীৰ পৰা । তাই দেখাত ধুনীয়া ,সুঠাম দেহাবয়বৰ অধিকাৰী । মানস এজন ব্যৱসায়ী । সিহতৰ ঘৰ শুৱালকুচিত । চিনাকি হোৱা বেছি দিন নাই হোৱা । কোনোবা এখন বিয়াত মানসে তাইক দেখি প্ৰেমত পৰি গৈছিল । তাইও সহাৰি দিছিল মানসক । মানসে সাহস গোটাই মনৰ কথাবোৰ কলে । তাৰ পিছতে আৰম্ভ হল মানস-মিনাক্ষীৰ প্ৰেম ।


মিনাক্ষী ছোৱালীজনী দেখিলে মৰম লগা বিধৰ আছিল । যিকোনো ডেকাই সহজতে তাইৰ প্ৰেমত পৰি যাব পৰা বিধৰ আছিল । তাই নিজৰ ওপৰত গৌৰৱ কৰিছিল আৰু অকল মানস নহয় বহুত কেইজন ডেকা লৰাক নিজৰ প্ৰেমৰ জালত ফচাইছিল । আৰু প্ৰধানতঃ তাই জাল পেলাইছিল ফেচবুকৰ জৰিয়তে । অভিজিতে প্ৰেমৰ মায়াজালত বাৰুকৈয়ে সোমাই পৰিছিল আৰু সেয়ে এইবিলাক কথা আওকাণ কৰিছিল । সি ভাবিছিল যে এইচব কথা মিছা । প্ৰেম অন্ধ বুলি কোৱা কথাষাৰ এইক্ষেত্ৰত প্ৰযোজ্য হৈছে । সি ইয়াতে ক্ষান্ত নাথাকি তাইক বিয়াৰ প্ৰস্তাৱ দিলে । কিন্তু ইয়াতে লাগিল পয়মাল । মানসৰ ঘৰখনে তাইক লৈ বিৰোধী মনোভাব ললে । গাৱৰ মানুহেও তাইৰ স্বভাৱ চৰিত্ৰৰ কথা তাক সকিয়ালে । কিন্তু মানস আকোৰগোজ । সি তাইকে বিয়া পাতিব । সি একপ্ৰকাৰ গাৱৰ মানুহখিনক বেয়া হে পালে । তাৰ বিয়া ভাঙিবলৈ অহা বুলি সি নিজৰ আপোন মানুহখিনক ককৰ্থনা কৰিলে । মাক দেউতাকৰ অনুমতি অবিহনে সি চাৰিমাহ আগতে তাইক বিয়া পাতি লৈ আহিল ।


কিন্তু সাপে মোত সলালে জানো খুটিবলৈ এৰে ?

বিয়াৰ পিছতো তাইৰ স্বভাব চৰিত্ৰ একেই থাকিল । মানস তেতিয়াও অজ্ঞাত । নিজৰ মোবাইলত অনবৰত তাই মেচেজত লাগি থাকে । ফোন কৰি থাকে লুকাই চুৰাই । তাই নিজৰ মোবাইলত খুব ফেচবুকত লাগি থাকে । মানসে কথাতো মন নকৰা নহয় পিছে । এদিন কৈছিল সি ফেচবুক কমকৈ ব্যৱহাৰ কৰিবলৈ । তাইও হাঁহি মাৰি সমৰ্থন জনোৱা দেখালে । তাক দেখুৱাই তাই তাইৰ একাউন্টতো নিস্ক্রিয় কৰি থলে । সেইদিনাৰ পৰা অভিজিতে আৰু এইচব কথা লৈ তাইক একো কোৱা নাছিল ।

এবাৰ তাই মানসৰ মোবাইলৰ পৰা ফেচবুক ব্যৱহাৰ কৰিছিল আৰু হঠাৎ মানস আহি ওলোৱাত লগ আউত নকৰাকৈয়ে তাই মোবাইলটো আগৰ ঠাইত থৈ দিছিল । তাই সম্পুৰ্ণ পাহৰি থাকিলে লগ আউত কৰিব । মানসেও ব্যৱসায়ৰ কামত ঘুৰি থাকোতে ফেচবুক খুলি চোৱা নাছিল । দৰাচলতে মিনাক্ষীয়ে এটা নতুন একাউন্ট খুলি বেলেগ এটা নামেৰে ফেচবুক চলাই আছিল আৰু এই কথা মানসে জনা নাছিল গতিকে কোনো সন্দেহো হোৱা নাছিল । এনেদৰে কেইবাদিনো নিজৰ কামত ব্যস্ত হৈ থাকি মানসে এদিন তাৰ বন্ধু হেমন্তৰ ঘৰলৈ আহিল । বহুত দিনৰ মুৰত বন্ধুজনক লগ পাই সি মনৰ বোজাবোৰ অলপ পাতলাই দিলে । সুখ দুখৰ কথা পাতিলে । হেমন্তই মানসৰ মোবাইতো হাতত লৈ কিবা এটা চাই আছিল । হঠাৎ তাৰ ফেচবুক খুলিবৰ মন গল । সি বহুত দিন তাৰ ফেচবুক নাই খোলা । মানসৰ পৰা অনুমতি লৈ সি ফেচবুক পেজটোত ক্লিক কৰোতে হঠাৎ দেখিলে যে সুস্মীতা দাস নামৰ এজনী ছোৱালীৰ প্ৰোফাইল এটা খোল খালে । সি অবাক হৈ মানসৰ মুখলৈ চালে আৰু তাক সুধিলে কাৰ প্ৰফাইল সেইটো ? মানসো আচৰিত হল । ভালকৈ খুলি চাওতে গম পালে যে সেইটো মিনাক্ষীৰে প্ৰফাইল মাত্ৰ নামটো বেলেগ ।



আৰে কি এয়া --- মানস হতবাক !!


অলপ ভালকৈ বাৰ্তা-বাকচত সোমাই গৈ সিহতে যি দেখিলে তাৰ পিছত সিহতৰ মুখত মাত নোহোৱা হল । ইনবক্সত দেখিলে যে এজন চন্দন দাস নামৰ ডিব্ৰুগড়ৰ লৰাৰ লগত তাই সদায় কথা পাতে ফেচবুকত । পেচাত চন্দন এজন প্ৰফেচাৰ । তাই তাইৰ নম্বৰ দিছিল মেচেজত । তাৰ ওপৰি সিহতে বহুত বেয়া বেয়া কথা আলোচনা কৰিছিল ফেচবুকৰ ইনবক্সত । তাই মাজতে চন্দনৰ কিবা এটা ৰিপ্লাইত কৈছিল “HUSBAND IS MY FOOT “


মানস স্থবিৰ হৈ পৰিছিল এই কথা আৰু সিহতৰ মাজৰ অশালীন কথাবোৰ পঢ়ি । যাক ইমান বিশ্বাস কৰি নিজৰ মানুহৰ লগত কাজিয়া কৰি বিয়া পাতি আনিছিল সেইজনী ছোৱালীয়ে আজি তাৰ লগত এনেকুৱাখন কৰিব বুলি কেতিয়াও ভৱা নাছিল ।


গোটেই ৰাতি তাৰ টোপনি নাহিল । হেমন্তইও খুব বেজাৰত কটালে । কি ধৰণে মানসক সি বুজনি দিব ভাবি পোৱা নাছিল ।



মানসে এতিয়া মিনাক্ষীক এৰি দিয়াৰ কথা ভাবিছে । যদিও সমাজত এয়া ইমান সহজ নহয় কিন্তু যি বিশ্বাসঘাটকতা তাই কৰিলে তাৰ প্ৰত্যুতৰত মানসে আজি কি কৰিব সেয়া বহুত ডাঙৰ প্ৰশ্ন হৈ উঠিছে !!!!

মই ৰাইজক সুধিব খুজিছো এতিয়া মানসে কি কৰা উচিত ??????????

বিকাশ দাস

বাংগালুৰু



Friday 24 May 2013

তোমাৰ উশাহবোৰ যদি অনুভৱ কৰিব পাৰিলোহেতেন...

...তুমি আতংকিত কৰি তুলিছা
মোৰ বাস্তৱৰ উন্মত্ত বৰষুণজাকক ,
লাহে লাহে হেৰুৱাই পেলাইছা
এনাজৰী সন্ধিয়াৰ জোনাকৰ ।
তোমাৰ উষ্ম উশাহৰ তালত মতলীয়া
মোৰ অস্তিত্ব ,
সৰি পৰা ঘামৰ প্ৰতিতো কণা
যেন নিয়ৰৰ প্ৰতিচ্ছবি ।
আপুনি যদি মোক বিছাৰে
আপোনাৰ প্ৰতি মোৰ এটায়ে অনুৰোধ
মোক বিষাক্ত কৰি নুতুলিব !!

Sunday 12 May 2013

খবৰ বোৰ নিয়মীয়াকৈ নাপাওঁ


আকাশখন গৰজি উঠিলে
মনত পৰে তোমাৰ শেষ চিঠিখনৰ কথা ,
লিখিছিলা তুমি আতৰি যোৱাৰ আবেদন
হস্তাক্ষৰ তোমাৰ সবল সিদ্ধান্তৰ ।
খবৰবোৰ নিয়মীয়াকৈ নাপাওঁ
চহৰখন বহুত যান্ত্ৰিক হল ।।

Friday 3 May 2013

নষ্ট পোহৰৰ নাবিক


ঘন কলা পখীজাকে
সুহুৰি মাৰি নমাই আনে উত্তাল সন্ধিয়া,
আকৌ যেন মৰমৰ বৰষুণজাক
তাইৰ চুলিটাৰিৰ সুবাসত গৰজি উঠিব
মাতাল সন্ধিয়াৰ আঁৰত ।


অজানিতে নষ্ট হৈ পৰিব
গৰজি উঠা প্ৰেমৰ অনুভুতি ,
সেমেকি ৰব চাহৰ পিয়লা ।


নষ্ট চৰিত্ৰৰ ভদ্ৰতা
চিঞঁৰি উঠিব
তাইৰ ভিজি উঠা নাভিৰ কোলাহল দেখি ।
স্তব্ধ হৈ ৰব
মোৰ হুমুনিয়াহ ।।
হমমমম......