Monday 31 December 2012

বছৰৰ শেষ কবিতা তোমাৰ বিষাদবোৰৰ নামত



এন্ধাৰ যেতিয়া নামি আহে
ভয় লাগে ,
ভয় লাগে যেন কোনোবাই ঘপিয়াই লৈ যাব
কলিজাটো ।।

তোমাক কি দিম
মোৰ তেজ ?
মোৰ জীৱন?
মোৰ বাস্তৱৰ অলেখ সপোন ?

চানি ধৰিছে
এঙাৰ কলা বিষাদবোৰে ।।

অলপ পোহৰাই দিয়া
গজালি মেলিব দিয়া অপু্ৰ্ণ প্ৰেমৰ মচিব নোৱাৰা কালান্তক নিশাবোৰ ।।

বিকাশ
৩১/১২।১২

Wednesday 19 December 2012


যোৱাকালি মই প্ৰেমত পৰিছিলো
আজিও মই আসক্ত,
নুফুলা ফুলৰ সুবাস লব গৈ
এতিয়া মই সুৰামত্ত ।।

চুইচাইদ নোট ...


এখিলা কাগজ
মোৰ হস্তাক্ষৰ
আৰু সবল সিদ্ধান্ত ,

উৎকৃষ্ট উপহাৰ কি হব পাৰে
এখন চুইচাইদ নোট ?

লিখিছো এনাজৰীবোৰ চিঙি
কলিজাৰ তেজেৰে ,
ৰক্তবোৰ দেখো সেমেকি পৰিছে !
ৰঙা ৰঙ জিলিকি উঠা নাই
আত্মহত্যাৰ কলমত ।

শিঁহৰণ মাথো
জীয়াই থকাৰ ,
কঁপি উঠে
নিলাজ অন্তৰ ।

বাৰে বাৰে প্ৰশ্ন কৰিছিলো
মোৰ অস্তিত্বক ,
টেটু ফালি আস্ফালন কৰি উঠে
অঘৰী আত্মাই ।।

ভাবিছো মৰমৰ শেষ উপহাৰ
দি যাম নতুনৰ আগমণত ।।

১৮/১২/২০১২

Thursday 13 December 2012

তোমাৰ বাবে এটি কবিতা


বিয়লি বেলা
এপাহ ৰক্ত জবা ,
তোমাৰ চোতালত উজলি উঠিছিল ।
এপাহ ৰূপৰ শিখা
পৰী হৈ নামি আহিছিল ধৰালৈ ।।
হেপাহ পলুৱাই আকাশখনে পোহৰ বিলাইছিল ,
জাগি উঠিছিল সাগৰৰ সিপাৰৰ ভদাইৰ প্ৰেম ।

তাই যৌৱনৰ দেওনা পাৰ কৰি
বাৰে বাৰে প্ৰশ্ন কৰিছিল
তোমাৰ মনতো ইমান বহল কিয় ?
মই কৈছিলো তুমি ধুনীয়া বাবেই কিজানি ।।