Saturday 24 November 2012

চুৱেটাৰ



উমাল বুকুৰ নোমেৰে
ভাল পোৱাৰ চুৱেটাৰ
তুমি গুঠি দিবা ,
সাঁচি ৰাখিম শীতৰ
জোপোকা মৰা নিশাবোৰৰ কাৰণে ।
ফুটপাথৰ কিনাৰত
কটাম কেইবাটাও উজাগৰী নিশা
নিজকে সাৱটি ধৰিম
তুমি গুঠি দিয়া চুৱেটাৰৰ মাজত ।।

বগা-ৰঙা দাগ থকা
চুৱেটাৰবোৰৰ মাজত
শেলুৱৈ ধৰা সপোনবোৰে গজালি মেলিব ,
তথাপিও নিজক নিজৰ মাজত সাৱটি ৰাখিম
চুৱেটাৰৰ মায়াজালত ।।

নিষিদ্ধ প্ৰেমৰ অনুভুতি


নগ্নতা
যৌনতা
আৱেগৰ সৰলীকৰণ ,
নিষিদ্ধ এটি
নিশাৰ এন্ধাৰৰ আৰৰ প্ৰেম ।

বুকুত দুটি জোন
কপালত নিশাৰ তৰা তিৰবিৰাইছে
উফফ কি আৰ্তনাদ ।।

নিশব্দতাৰ মিলনে
আস্ফালন কৰি উঠিছে ,
ঝংকাৰিত হৈছে
চপৰা চপৰি উফন্দি উঠা সপোন ।।

Thursday 1 November 2012

আধা লিখা চিঠি



মৰমৰ

-----

মৰম লবি বুলি কবলৈ এতিয়া তই দেখোন মোৰ কাষতেই নাই । কুশলে আছনে নাই সেয়া বিধাতাই হে জানে । কি সতেনো চিঠি লিখো তাকেহে ভাবি আছিলো । আতৰি যাবি বুলি জানিলে কাষ নাচাপিলো হয় । কপালখনক দোষ নিদিও । দোষ কাৰ মইও নাজানো । চেহ কিয়নো চিঠিখন লিখিম বুলি মন মেলিলো , কাক পঠাম ,কোনে পঢ়িব ? তুমি.............

এহ নিলিখো আৰু । মন নাই । অলপ ওলাই যাও বজাৰৰ ফালে । এইখন পকেটত ৰাখি থম । ।।




বিকাশ