Tuesday 16 October 2012

চিঠি - ২



বুকুখন চিৰাচিৰ কৰি
শেষ চিঠিখনত ব্যক্ত কৰিলো

" বিশ্বাস নাই যদি আতৰি যোৱা "
"মোৰ মনত অবিশ্বাসী পদ লোৱাৰ যত্ন নকৰিবা "

এতিয়াৰপৰা মোৰ স্মৃতিবোৰ মোৰেই হৈ থাকিব
নাথাকিব লিৰিকি বিদাৰি আলসুৱা কৰিবলৈ অন্তহীন নিশাৰ লগৰী ।।

Friday 12 October 2012

এখন সাগৰৰ কথাৰে -২০



বহু দুৰ আহিলো
প্রায় নেদেখা হৈ পৰিল
সাগৰৰ কম্পিত প্রলয় ,

যাযাৱৰ আত্মা
অজান মুলুকত হেৰাই থাকিল ,
ৰৈ গ'ল মাথো
ছায়া ।।


আকৌ ওলাই আহিছো
অস্তিত্ব বিছাৰি ।।

Sunday 7 October 2012

এখন সাগৰৰ কথাৰে -১৯

বুকুত ঘপিয়াইছে
কেঁচা আঘাটবোৰে ,
নষ্টালজিক হৈ পৰিছে
ভাবুকি ভৰা প্রেম নিবেদনবোৰ ।।


সাগৰখনে ধুই মচি নিব
ঘামৰ প্রতিতো আখৰ ,
ধোৱা হৈ উৰিছে
প্রভাতী সুৰুযৰ প্রতিশ্রুতি ।।

Friday 5 October 2012

এখন সাগৰৰ কথাৰে -১৮


সময়বোৰ আহে আৰু
লৈ যায় নেদেখা সুৰৰ কলি ,
সাগৰৰ মোহনাত
সৌৱা ফাকু খেলিছে
সাগৰৰ অপ্সৰাবোৰে ।।

সিহত নিজেই যেন
একো একোটা ৰহস্য ।।