Tuesday 31 July 2012

নিয়তিৰ পৰিভাষা



... বোকাপানী গচকি
বৰষুণজাক নেওচি
সমীৰণৰ প্রবল হেচাত
জ্ঞান হেৰুৱাই পেলাইছো ,

থেকেচি থেকেচি
সিহতে কাঢ়ি নিলে
সন্ধিয়াৰ ভাগৰুৱা অন্ধকাৰ ।।

বিকাশ

Saturday 28 July 2012

মই হৈ পৰিলো ভুলৰ বলি


 
ভালপাও বুলি ফটকে কৈ পেলালো 
নাভাবিলো কাঁইটৰ খোচৰ বিষ ,
কাঁইটে বিন্ধিলে দেহত শিহৰণ উঠে
একেই ধৰণৰ সংকেত অনুভৱ হৈছিল ,


লাহে লাহে বিষ বিয়পি গ'ল 
সর্ব শৰীৰ সপোনত লালকাল !
কপি উঠিল মোৰ সত্ত্বা ,
তিৰবিৰালে যৌৱনৰ সেউজ আৱৰণ
নামি আহিল বৃষ্টি ।


বৰষুণজাকৰ পৰিণতি
আজিৰ চেদেলি ভেদেলি হৈ পৰা অশান্ত প্রহৰ ...
যৌৱন 
এক মিঠা অনুভৱ,
যত ডুবিল
মোৰ আৰু তাইৰ
সুখৰ দিনবোৰ...

নামি আহিল অমানিশা ...




বিকাশ

২৯/৭/১২

Tuesday 24 July 2012

প্রেমৰ টুকুৰা



১) তোমাৰ প্রেমত
 এজাৰো ফুলিব
 হাচনাহানাৰ সুগন্ধি বিয়পিব ,


মাথো এবাৰলৈ 
কথা দিয়া
মোৰ বাস্তৱ সপোন হৈ যাব নিদিবা ...
নহলে বিৰহ উপজিব ।





২) হঠাতে কোনোবা হয়তো
 মোৰ প্রেমত পৰি যাব পাৰে,
তাৰ বাবে মই দায়ী নহয় ...


প্রেম হেনো মায়াৰ ভৰাল
ডুবিবলৈ সাজু হৈছো ,
সেই একেইখন মহাসাগৰত যত তুমিও ডুবিবলৈ সাজু হৈ উঠিছা ..

Monday 23 July 2012

সহাৰি পাম নে মই


জীৱন বীণা বজাবলৈ
কেতিয়াবাতে এৰিলো ,
এতিয়া মাথো স্তব্ধ হৈ যাও
নিয়তিৰ আমৰণ যাত্রাত।


মাজে মাজে ভাবো
মৰম ভালপোৱা জীৱনৰ শত্রু নেকি ?


অকনমানি মৰম পাবলৈ
ৰৈ থকা
নিজান দেশৰ;
অচিন যুবকৰ,
অক্লান্ত চিঞঁৰ
শুনিবলৈ আহিব নে কোনোবা ?
ৰৈ আছো
ৰৈ থাকিম ...
এতিয়া বেলিতোও ডুবিব চাগে !!
========

বিকাশ

এজাক বৰষুণ


আকৌ অশ্রুসিক্ত নয়নৰ
এজাক বৰষুণ আহিব ,
আকাশখন প্রায় ডাৱৰে চানি ধৰিছে ...


এটোপাল চকুলোৰ
যন্ত্রণা তাই বুজি নাপাব ,
সেই নয়নধাৰা তাইৰ কাৰণে বৈছে ...

সুমধুৰ প্রেমালাপৰ অন্তত
শোকাকুল পৰিবেশ বিৰাজ কৰিছে ,
মোৰ চৌদিশে ...


বৰ কষ্টকৰ ...

=====


বিকাশ

২৩/৭/১২

Wednesday 18 July 2012

অপেক্ষা



তাইৰ সপোনৰ
মায়াময় জালত
আবদ্ধ
মোৰ আকলুৱা হৃদয় ,


হয়তো এয়া পুৱতি নিশাৰ সপোন আছিল
ভাগি থাকিল ,
ৰৈ গ'ল মাথো স্মৃতি...


======

তাইৰ অপেক্ষাত বিকাশ

এনাজৰীৰ বান্ধোন চাগে এনেকুৱাই


এনাজৰীৰ বান্ধোন চাগে এনেকুৱাই
মিহলি হৈ যাব খোজে
অন্তৰ আত্মাৰ বিননিৰ শবদত ,


ধুমুহাৰ প্রাকক্ষণত
মিঠা মিঠা মলয়াৰ সুবাস
বিয়পি পৰে ।


এনে লাগে যেন প্রলয় সমাগত ,



মহাসাগৰৰ বিধ্বংসী ৰূপত মুগ্ধ
মোৰ অস্তিত্ব ;
পলে পলে যেন বিচাৰি ফুৰে
বান্ধোন এৰাব নোৱাৰা এনাজৰী...

=========

বিকাশ




১৮/৭/১২

Tuesday 17 July 2012

ঘাট-মাউৰা



জোনাক ভেদি হঠাতে যেন
 টোপালবোৰ নামি আহিল ;

 ঘুৰাই পোৱা মৰম
 আজি হৈ পৰিল
 অমাবস্যাৰ কালিকা সনা কাহিনী ..


দুর্ভগীয়া
চাগে মই
আৰু
মোৰ মৰম ।।

নিজৰ কৰি লৈ
ঘাট মাউৰা কৰি
এৰি গুচি গ'ল ,
প্রেমৰ বিধস্ত
অনুভুতিবোৰৰ মাজত ।।

চিঠি -৩

প্রিয় বন্ধু
 মুকুট

তই চাগে ভালে আছ।। মোৰও প্রায় ভালেই ।বহু দিন খবৰেই নাই । সচাকে বে ইমান দিন পাৰ হৈ গ'ল । হোস্টেল এৰাৰ শেষ সময়খিনিতো তোক ভালকে এষাৰ মাত দিয়া নহল । মোৰ মনতো বহুত গধুৰ হৈ আছিল জাননে ? হোস্টেলৰ চাঁদত বহি আমি তই মই আৰু মনজিতে কি কি কাণ্ড কৰিছিলো মনত আছেনে ? আমি একো একো জন ইন্দিয়ান আইদল হৈ পৰিছিলো । জুবিন দাৰ গীতৰ সুৰ গোতেই হোস্টেলখনত ৰজনজনাই পৰিছিল আমাৰ কণ্ঠত । অই আৰু যে আমি জিন্তু শর্মাক বিয়েত্রিচ বুলি জোকাইছিলো মনত আছেনে ? বিয়েত্রিচ নামৰ এটা চৰিত্র আমাৰ অসমীয়া কিতাপৰ পৰা আমি বাচি লৈছিলো । অসমীয়াৰ ক্লাছৰ সময়ত আমি সদায় লাস্ট বেঞ্ছত বহি বিভিন্ন স্কেতছ আঁকিছিলো । এইচব কথা মনত পৰে ... গোতেই পাঠশালাখন অনাই বনাই ঘুৰি আমি দিনবোৰ কটাইছিলো । ফিজিক্সৰ লেবত যে দিগন্ত চাৰে প্রেক্তিকেল শিকাই থাকোতে আমি কিবা কিবি কামত মনোযোগ দি থাকোতে চাৰে গালি দিচিল তেতিয়া ইমান ভাল লাগিচিল । বহুত জমনি আছিল সেই চাৰ জন । কেমেস্ত্রিৰ কলিতা চাৰ মনত আছেনে ? তেওঁ যে কৈছিল কেমেস্ত্রিৰ reaction বোৰ ভুল হোৱা আৰু মাংসত নিমখ দিবলে পাহৰি থকা কথা একে । reaction বোৰ শিকাই থাকোতে ভাত ৰন্ধাৰ কথাও শিকাইছিল যে।। এইচব কথালৈ খুব জমনি হৈছিল হোস্টেলখনত । আৰু এই জমনিৰ নায়ক আছিলো তই মই আৰু মানস । মিমিকৰি কৰাত আমি ভাল আছিলো । নে কি কোৱা ... অই মোৰ স্লেম বুকত তই লিখা কথাখিনি প্রায়ে পঢ়ো মই । এতিয়া আমাৰ মাজত ৪ বচৰৰ ব্যৱধান হৈ গৈছে । আমি চবে ব্যস্ত হৈ পৰিছো নিজৰ কেৰিয়াৰক লৈ । কিন্তু এই ব্যস্ততাৰ মাজত সুদুৰৰ পৰা মই এই চিঠিখন লিখি তোলৈ বুলি পঠালো । পঢ়া শুনা ভালকে কৰিবি । আমি একেলগে ডিগ্রী লাভ কৰিম অহা বচৰত । এজন ভাল অভিযন্তা

হৈ আমাৰ গৌৰৱ বঢ়াবি বুলি দৃঢ় বিশ্বাস আছে । আজিলৈ এৰিলো । পিছত কেতিয়াবা লিখিম ।


ইতি
বিকাশ

বাকৰূদ্ধ সমাজ


অকলশৰে কটাইছো
এখন বাকৰূদ্ধ সমাজত , 
জীৱনৰ সমীকৰণ 
মাথো এক সময়ৰ পৰিভাষা ।
সময় বাগৰি যায়
কিন্তু প্রতিফলন নঘটে
জীৱ শ্রেষ্ঠ নৰ-মনিচৰ
প্রতিবিম্ব ,
ঘাত-প্রতিঘাতৰ দোমোজাত
মানসিকভাৱে আক্রমণ কৰে সিহতে ...
বুজি নাপায় সিহতে
মইও যে সচা অর্থত
মানুহ...

===========

বিকাশ

১৮/৭/১২

Tuesday 10 July 2012

চুটি কবিতা ২



১)
বিষাদৰ ডাৱৰবোৰ
লাহে লাহে আতৰি
আকাশখন ফৰকাল হব ধৰিছে ...
ক্ষণ গণিছো
কেৱল একাজলি পোহৰৰ...


২)

চঞ্ছল নয়ন
কম্পিত চাৱনি,
আত্মহাৰা হৃদয়ৰ পদুলি
দুচকুত কাজল,
মৌ বৰষা মন
তাতেই থাকো উমলি।।


৩)
নিৰৱতাৰে আহি
নিসংগ পৰিবেশত
ওচৰত বহিল ,

আচৰিত ভাবে সুধিলো
কোন তুমি ?
প্রেয়সী নে যখিনী?

Sunday 8 July 2012

তেওঁ আকৌ আহিব


মহামানৱৰ মহাপ্রস্থানত দুখ নকৰিবা হে পৃথিৱী

তেওঁ আহিব , নিচ্ছয় ঘুৰি আহিব ;

তেওঁ কৈছিল এটা অজুহাত পালে মই গুচি যাব পাৰোঁ,

কিন্তু কিয় জানা ? তেওঁ বিচাৰি ফুৰিছিল এটি নতুন কবিতা

তেওঁ শব্দবোৰক দুদিনৰ কাৰণে বিশ্রাম দিব খুজিছে ।



তেওঁ কবিতাৰ আকাশৰ অমৰ তৰা।

মোৰ বিশ্বাস

দেশ বিদেশ ,আকাশ পাতাল ঘুৰি

সৃষ্টিৰ নতুন অধ্যায় এটি আঁকি দিব

মেদিনীৰ নিভাজ বুকুত ...

-----------------


বিকাশ

Friday 6 July 2012

হুমুনিয়াহ ...

ঘন কুৱলীৰ আৰত
দূৰৈৰ সেই আলি কেকুৰীটোত
কিবা দেখা যেন অনুভৱ হল ,
দিন নাই
ৰাতি নাই
অনবৰত দেখা দিয়ে,
এসোপা জৰাজীর্ণ
হতাশাৰে ভৰা
সপোনৰ মৰিচীকা...

Thursday 5 July 2012

চুটি কবিতা - ১

1)
মায়াবোৰ
বিষাদ হৈ
উৰি ফুৰিছে,
আত্মাৰ বিকট চিঞৰ
দুৰ দিগন্তৰ পৰা
ভাহি আহিছে ...
এয়াই হেনো
জীৱনৰ ৰং চং



২))
হেপাহবোৰ
আকলুৱা হৈ থাকিল
তাই অবিহনে ...
শব্দবোৰৰ মাজত
মৌনতা নামি আহিল
তাইৰ অনুপস্থিতিত ...

৩)
চকামকা সপোনৰ
শেষত গম পালো
সেয়া মাথো
ধেমালি হে আছিল ।
সেই সপোনত
মোৰ অপৰূপা নাছিল ..
.
৪)
তোমাক লৈ দেখা
সেই সপোনবোৰ
সপোন হৈ থাকিব নিদিবা ,
তুমি জানানে ?
দিঠকত সেই গাৰুতোকে
সাবটি নিজক সান্তনা দি দি
ভাগৰি পৰিছো...
নিঠৰুৱা হৃদয়ৰ
নিসংগ চিঞৰ
তুমি জানো অনুভৱ কৰা নাই...
======

৫)
 তুমি ধুনীয়া
সচাকৈয়ে বৰ ধুনীয়া
মৰম এনাজৰীৰে বান্ধিলা ঐ
মোক সোনজনী ...
চকুৰ আতৰত থকিলেও
হৃদয়ৰ কোঠালীত তুমি সদায় থাকা
তুমি সদায়
মোৰ বুকুৰ কেচা সোণ...
হৃদযন্ত্রৰ প্রতিতো ধপ-ধপনিত
কেৱল তোমাৰে প্রতিধ্বনি শুনো...

৬)
আবেলিৰ বৰষুণজাক
মোৰ চোতালত সৰি পৰিল...
থাকি গ'ল মাথো
হুমুনিয়াহ
এক মধুৰ স্পন্দন হৃদয়ৰ..

৭)
মৰম
এই শব্দটো তাই বুজি নাপালে
তাই হয়তো নাজানে ভালপোৱাৰ সুবাস...

৮)
ভুমিকম্পৰ মাতাল লহৰত
হঠাৎ যেন ঠানবান হৈ পৰিল
মোৰ উদাসীনতাৰ প্রাচীৰ...

তাইবিহীন বিষাদনগৰীত
মই আজি পৰিচয়বিহীন;
তাইৰ চুলিটাৰীৰ আৰৰ
মৃদু বতাহজাকে
আজিও মনত অবুজ জোকাৰণি তোলে...

খিৰিকীৰ ইপাৰত বহি
ক্ষণ গণিছো
হেৰাই যোৱা
অনুভৱ বুটলি লবলৈ...