Thursday 16 February 2012

বিশ্বাসী যাত্রা

জোনত থকা ক'লা দাগটোৰ দৰে
তোমাৰ পৰিচয়ত এক দাগ ৰৈ গ'ল,
এক মচিব নোৱৰা দাগ ...
অমাবস্যাৰ এন্ধাৰৰদৰে মোৰ জীৱনত
তুমি কঢ়িয়াই আনিলা কালিকা সনা
এক অবাস্তৱ নিশা ...

কিন্তু তুমি হয়তো নাজানা
প্রটিতো নিশাৰ অন্তত শীতল অনুভুতিপূর্ণ পোহৰে দেখা দিয়ে !

সেই পোহৰৰ আৰঁত মই নিজক বিচাৰি পাইছো
তাইৰ দুখত কান্দিবলৈ মই সেই পাগল প্রেমিক হৈ থকা নাই ...

এতিয়া মোৰ যাত্রা দুৰ দিগন্তৰ সিটো পাৰলৈ
এক বিশ্বাসী যাত্রা ...
হৃদয়ৰ নিভৃত কোণৰ পৰা
এক অচিনাকি চিঞঁৰ বাগৰি আহিছে ,
এয়া যেন এক সুখৰ অনুভুতি
কিন্তু এই মুৰুখে বুজিব পৰা নাই...
আকৌ নতুন কৈ প্রেম জাগি উঠিছে
জ্বলি ছাঁই হৈ যোৱা হৃদয়ত আজি
আকৌ কোনোবাই শিঁহৰণ তুলিছে ...

তাইক ভাল পাই পেলাইছো ================ ( মোৰ সোনজনীৰ কাৰণে ভেলেন্তাইনৰ এটি উপহাৰ)



...ৰাতিপুৱাৰ সেই ভঙা সুৰৰ
যৌৱনৰ উন্মাদপূর্ণ হাঁহিটো শুনিবলৈ
মই নিচেই ব্যাকুল হৈ পৰো ,
সেই ব্যাকুলতাৰ আৰত মই নিজক পাহৰি যাও ,
দুচকু মেলাৰে পৰা শিশুসুলভ কণ্ঠৰ মৌ-মিঠা
শুৱলা মাত এষাৰি শুনিবলৈ মই যেন
গোতেই ৰাতিটো উজাগৰে কটাও ।

তাইক সদায় সপোনত দেখো
তাইক লগ পোৱাৰ হেপাহ বুকুত বান্ধি থৈছো ,
তাইৰ মাজত বিলিন হৈ পৰিছো গোপনে ;
তাইক মই সচাকে ভাল পাই পেলাইছো ...

তাই যেন এতিয়া মোৰ হৃদয়ৰ দাপোন...

Monday 6 February 2012

তাই

ধূলিময় এই সংসাৰখন
আজি যেন তেনেই ধুসৰ হৈ পৰিছে ,
আগৰ দৰে সেই বতাহজাকে আজি
তাইৰ চুলিটাৰিৰ লগত লুকা-ভাকু নেখেলে ;
শীতল চেঁচা এক অনুভূতি বিচাৰি নাপাও
বতাহজাকৰ আঁৰত থকা তাইৰ অবিহনে...

তাই অবিহনে মই অসম্পূর্ণ
মই এটি প্রশ্নবোধক চিহ্ন !!!
যাৰ কোনো উত্তৰ নাই...

এক অবাক প্রশ্ন ????
===============
বিকাশ