Saturday 31 December 2011

আত্মকথা...

নতুনৰ সন্ধানত
আজি এক নতুন সুৰুজৰ
জিলমিলিয়া পোহৰৰ মাজত
নিজক বিলাই দিবলৈ

মই সদায় প্রস্তুত...

ভুল বহুত কৰিলো জীবনটোত কাৰোবাক বিশ্বাস কৰি...
আজি পণ কৰিলো সেই ভুল পাহৰি নিজৰ মাজত ব্যস্ত থকাৰ...
এক শতাংশ হলেও দুখ পালো প্রথম ঘণ্টাটোত...
এটোপাল চকুপানী টুকিলো হেৰুৱাৰ হেঁপাহত...
কিন্তু এই দুখ যেন সোনকাল সুখলৈ পৰিবর্তন হয় আশা কৰিলো...

এয়া কোনো কবিতা নহয়...
মোৰ আত্মকথা...

মোৰ আধৰুৱা দস্তাবেজ...

বিকাশ...
১/১/২০১২

Thursday 29 December 2011



তুমি আহিবা বুলি
খিৰিকী খুলি
দুৰ দিগন্তৰ অস্ত সূৰুজলৈ ৰ লাগি চাই আছো...
সময়ৰ সৈতে ফাকু খেলি
দিন কটাইছো...

অপেক্ষাৰ অন্ত কেতিয়া পৰিব বাৰু ...


Tuesday 27 December 2011

জেউতি... ================


জেউতি
পোহৰৰ অন্য এটি নাম...
আজি জিলিকি উঠিছে
কেবল তোমাৰ সেই
লিহিৰিপতীয়া ককালৰ ঘামৰ মাজত...
পথাৰৰ মাজৰ সৰু সৰু আলিয়েদি
কোমল কোমল আঙুলিৰ পৰশ পাই
গজি উঠিছে দুবৰী বন...

ওঁঠৰ মিচিক মাচাক হাঁহি দেখি
ধাননি পথাৰখনে লাজ কৰিছে...
চোৱাচোন সিহতে কেনেকৈ
জুমি জুমি চাই আছে কাঁচিয়লি ৰদৰ আৰত...
ইফাল সিফাল হালি জালি
সিহতে জেউতি বিচাৰি ফুৰিছে...

পোহৰৰ এটি অন্য নাম...
জেউতি...

===================
বিকাশ...

Monday 26 December 2011

বাস্তব...এটি সপোনৰ আৰম্ভনি ==================



...সময়ৰ কোবাল সোতত
পিছ পৰি যোৱা সেই অতীতৰ
শেষত বাস্তবে লৈ আহে এক কোলাহল ...

বাস্তবে লৈ আহে জীয়াই থকাৰ কৌতুহল
জীয়াই থকা হেপাহ...

কিন্তু কত ?
মই চোন সেই হেপাহ ,
সেই কৌতুহলবোৰ বিচাৰি পোৱা নাই...

সেই অতীতে আজিও
মোৰ বাস্তবক শাসন কৰে...

নোপোৱাৰ হেপাহ বুকুত বান্ধি লৈ
আজিও মই ইফাল সিফাল কৰি আছো
বলীয়া জন্তুৰ দৰে...

বাস্তবৰ সপোন যেন মোৰ কাৰণে
এক অতীত...

===================
বিকাশ দাস...
২৫/১২/২০১১

Thursday 15 December 2011

প্রথম অনুভৱ...প্রেমৰ



-------------------

বাৰিষাৰ সেই ৰাতি
মনত আছেনে...
আমাৰ চকুৱে লুকা ভাকু খেলিচিল...


তোমাৰ হিয়া কঁপি উঠিছিল
তোমাৰ ওঠত ভাহি আছিল
দুটি টোপাল...
বৰষুণৰ...

মোৰ ওঠৰ চেঁচা পৰশত
তোমাৰ উঠন বুকুৰ মাজত
খেলিমেলি সৃষ্টি হৈছিল ...
সঘনাই উঠা নমা কৰিছিল...


আজিও
সেই বৰষুণজাকত
ভাহি উঠে
মৰমৰ চেঁচা বতাহ...


প্রথম প্রেমৰ
প্রথম অনুভৱ
সেই বাৰিষাৰ দিনত
-----------------------

বিকাশ

১৫/১২/২০১১

Friday 9 December 2011

১ ঘণ্টাৰ কবিতা...



আজি বহু ৰাতি হল,
দেৱালৰ ঘড়ীটোৱে
দুই বজাৰ সংকেত ধ্বনি শুনালে,
মনতোক শান্ত কৰিব পৰা নাই্‌



তাই জীৱনলৈ
ধুমুহাৰ দৰে আহিল,
গমকে নাপালো
কেতিয়া আতৰি গ'ল ।



"মই যাও" বুলি
মাত এষাৰ নলগালে !
মোৰ মৰমে
সহাৰি নাপালে ...

এই মাজ ৰাতি মনত পৰিল
তাইৰ খিলখিলিয়া হাঁহিতো,

ভাবিলো মোৰ ওচৰৰ চকীখনত
তাই বহি আছে...

উধাতু খাই আহিলো ...
চকীখন সাৱতি ধৰি ললো...



কিন্তু ...
কিন্ত ...



দুই বাজি ত্রিশ মিনিট পাৰ হৈ গ'ল !
চকুত টোপনি নাই
বিচনাত বাগৰ সলাই সলাই
টোপনি বিচাৰি নাপালো...


ফেচবুক লগ ইন কৰি ললো ,
হঠাৎ দেখিলো তাই অনলাইন আছে...

এতিয়া
ৰাতি
প্রায় তিনি মান বাজিল .......

এক অবুজ ভাষাৰ বেদনাত
চটফটাই পাৰ কৰিলো
সেই সময়ৰ সংকেতবোৰ...



(বিকাশ দাস

বাঙ্গালুৰু

ফোন নং...০৯৫৯০২৮৬৫০৭ )

এজাক ধুমুহা...


...এজাক যেন ধুমুহা পাৰ হৈ গ'ল

বুকু শুদা কৰি.....




আকোৱালি লৈছিলো তাইৰ মৰমক...


মৰিচীকা খেদি ফুৰা ভুল বুলি জানিও

মৰিচীকাৰ প্রেমত পৰি বিধস্ত হৈছিলো...


মোৰ সপোনবোৰ কাঢ়ি নিয়াৰ অধিকাৰ কোনে দিলে তোমাক.

মোৰ হাহি ঘূৰাই দিব পাৰিবা তুমি??




বুকুত দপ দপ কৈ জুঁই জ্বলি আছে...
পাৰা যদি অলপ ঘি ধালি দিয়া...

বুকুখন পুৰি ছাই হৈ যাব দিয়া...


বিষাদৰ উত্তাল ধুমুহাই চাৰখাৰ হৈ যোৱা বুকুখন শুদা কৰি পেলালে...

এতিয়া মাথো ই এখন শুকান মৰিশালী...




(বিকাশ দাস
সৰভোগ,বৰপেটা,অসম
ফোন নোং...০৮৮৯২০৩৫৯৫১ (বাঙ্গালুৰু)

সপোন ...


সপোনবোৰ যেন খেলি মেলি লাগিল ...
সৌ সিদিনা কিমান যে হাহিচিলো ...
সেই হাঁহি আৰু নাই..

দুৰ দিগন্তত হেৰাই গ'ল হেপাহৰ হাহি..আশা।।

চুৰমাৰ হৈ গ'ল ..



এৰি থৈ অহা সেই অতীত সেউজীয়া আছিল...
আজি এন্ধাৰৰ মাজত সকলো জাহ গ'ল ...
হেপাহৰ বালিঘৰ সাজি আজি আৰু হাহিব মন নাই...




মন যায় দুৰ দিগন্তত বিলিন হৈ যাবলৈ...
হয়তো মোৰ প্রেয়সী ৰৈ আছে দুৰৰ সেই বালিচৰত
এন্ধাৰৰ মাজত অকনমানি আশাৰ পোহৰ লৈ...




সপোনবোৰ যেন সচাকৈ খেলিমেলি হৈ গ'ল



===========================
(বিকাশ দাস
বাঙ্গালুরু) 

চঞ্চলতা ...


তাইৰ চকুযুৰি যেন চঞ্চলতাৰে ভৰা..
চকুৰ পতাৰ তলত চঞ্চলতা দেখা পাই মোৰ মন মুগ্ধ হৈছিল...
তাই পলক জপাওতে যেন সৰি পৰিছিল...
যেন সৰি পৰিছিল...নিয়ৰৰ টোপাল...




সেই টোপাল কেইটাত হয়তো মোৰেই নাম আছিল...
হয়তো সেই চঞ্চলতাৰ আৰত লুকাই পৰিছিল মোৰ অস্তিত্ব....
পাই ও নোপোৱাৰ উচাহত বিলিন হৈ পৰিছিল মৌন ভাষা...


বুকুৰ মাজত আর্তনাদৰ সুৰ বাজি উঠিছিল...


কি যে চঞ্চলতা সেই চকুযুৰিত..

এবুকু প্রেমৰ যন্ত্রণা ...

মৰমৰ মুনু,


মৰম লবা।বহুত দিন তোমাৰ খবৰ পাতি নাই পোৱা।ভালে আছা নহয়।ভেলেন্তাইন দে ৰ সেই দিনতো মনত আছে নে নাই যিদিনাখন মই তোমাৰ দুচকুত দুচকু মিলাই মনৰ কথাবোৰ কৈছিলো। তুমি অলপ চকুৰ পতাতো তলফাল কৰি ৰঙা পৰিছিলা। এতিয়াও কেতিয়াবা সেই দৃশ্যতো মোৰ মনত পৰে।সময়ৰ লগত খোজ মিলাব গৈ আজি আমি অচিনাকি হৈ পৰিছো।মোৰ খবৰ লবলৈ তোমাৰ আহৰি নাই।মইও চিঠি লিখিব পৰা নাই।আজি তোমালে বৰকৈ মনত পৰিছে।মনত হেজাৰ যন্ত্রনা লৈ আজি হাতত কলম তুলি লৈছো।মোৰ যন্ত্রনাবোৰ লিখা সময় আৰু নাই।সময় তাকৰ।তুমি মোৰ সপোন আছিলা, আৰু আজি সপোন হৈ গ'লা । অতীতৰ মৰুভুমিত বালিৰ দলদলৰ মাজত তুমি সোমায় ৰৈ গ'লা।আজি বতৰতো অলপ সেমেকা।মোৰ মনতোও সেমেকি পৰিছে।তোমাক বহুত ভাল পাও বুলি মই মিচা নকও।কিন্ত তোমাৰ অবিহনে জিয়াই থকাতো যে অসম্ভব সেই কথাতো মই তোমাক এই চিঠিখনৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিছো।আশা কৰো তুমি বুজি পাবা।আজি আৰু নিলিখো...স্বাস্থ্যৰ যতন লবা।


ইতি,

তোমাৰ দেহা
 বিকাশ

মাতাল...







তোমাক লগ পাবলৈ বৰ মন যায় ...


কেতিয়া পাম ?


বুঢ়া হৈ যেতিয়া লাখুতিডাল লম তেতিয়া পাম নেকি বাৰু...


জীৱনৰ জিৰনী পৰত আহি মোৰ দেদবডিতো চাই কান্দিবা নেকি বাৰু...


কাম বন কৰিব নোৱাৰা এটা নির্লজ্জ্য দেদবডি...










মোক আৰু কান্দিবলৈ নিদিবা...।


মোক অলপ পাৰা যদি মাতাল কৰি তোলা...

এতিয়া এই হৃদয়টোৱে আকৌ অলপ হাহিম বুলি ভাবিছে...







…আকৌ যেন আকুল হৃদয়টোৱে
হাহি এটা মাৰিম বুলি সাজু হৈছে...



ইমানদিনে দুখৰ ধুমুহাবোৰ নিৰবে পাৰ কৰিলো

নাভাবিলো নিজৰ সুখ দুখৰ কথা...

দুখৰ জোলোঙাটো লৈ ৰাজপথৰ কিনাৰত বহি

কাৰোবাৰ দুখৰ সমভাগী হবলৈ

আকুল হৈ পৰিছে এই ফটা ছিটা হৃদয়টো...





মোৰ প্রেয়সী...

ও মোৰ প্রেয়সীজনী ...

সেইযে বৰষুণজাকত দেখিছিলো...

আজি যেন হঠাৎ আকৌ ঠেলি হেচি

ফটা হৃদয়টোত চিলাই মাৰিবলৈ আহিল...





এতিয়া এই হৃদয়টোৱে আকৌ অলপ হাহিম বুলি ভাবিছে



বেয়া লাগে ...

বেচেৰাটোলৈ...

কিমান যে ঘা আছে...

এতিয়াও অলপ শুকাব বাকী আছে...






তাই যেন মোৰ ঘা বোৰ আকৌ বিষাল নকৰে...

হৃদয়...


নিজৰ অস্তিত্ব বিলীন কৰি আজি মই দেখুৱাব বিচাৰো

মোৰ অন্তৰৰ এক বিশাল গভীৰতা...

এক ক্ষুদ্রতম আলিংগন...




এজাক সপোনৰ বৰষুণ...






আজি মোৰ হৃদয়টো ফোপোলা...

ফুটাই দিলে ফাটি যাব খোজে ...

মৰমৰ ধুমুহাত ...সপোনৰ বৰষুণত ...

উতি ভাহি ঘাতমাউৰা...সহজ ভাষাত অনাথ কৰি এৰি থৈ গল

মৰম আকলুৱা মোৰ হৃদয়টোক ...




সপোনৰ বর্বৰতা দেখিবলৈ খুব টান ...

সপোন দেখা এই কোমল হৃদয়টোৰ কি দোষ আছিল...

নিয়ৰ...







নিয়ৰ


তোমাৰ টোপালবোৰে


চকুপানী টুকিছে ...


দেখিছানে কেতিয়াবা


নিয়ৰৰ চকুপানী...


মই দেখিছো সিহতৰ


অস্রুসিক্ত নয়ন...


সিহতৰ বিষাদবোৰ




চকুপানী হৈ


মেদিনীত বিলিন হৈ যায় ...










নিয়ৰ


আৰু চকুলো নুটুকিবা...

আকাশ...


আকাশ 
তুমি সুবিশাল...
পাৰাপাৰ নোপোৱা
মেঘৰ দেশ ... 
তোমাৰ চোতালত
হয়নে এজাক বৰষুণ,
যত তিতি বুৰি মনতো হৈ পৰে
ব্যাকুল ... 


তোমাৰ দেশলৈ যাম বুলি ভাবিছো
উৰাজাহাজেৰে...
আজি জানা মোৰ মনতো মেঘৰ লগত
ও মেঘৰ লগত খেলিবলৈ উত্রাৱল হৈ আছে...


আহি আছো 
উৰাজাহাজেৰে...

তৰা...


তৰা
ও তৰা


গোতেই ৰাতিতো

কিয় তিৰবিৰাই থাকোনো

সেই মেঘৰ আৰত ,

কিবা দুখত দুখী নেকি বাৰু?




বুকুত হেজাৰ বেদনা লৈ


আর্তনাদ কৰা এটি শব্দ হল

তৰা...



তুমি সদায় হাঁহি থাকিবা

দূৰনীত থকা এই দুর্ভগীয়া

প্রেমিক বন্ধুজনৰ মুখলৈ চাই...

ৰঙীন সপোন...


সপোন
তুমি ভাঙি যোৱাতকৈ
ঘৰ বনাই মোৰ জীৱনত
থাকি নোযোৱা কিয় ...


দুখ আহিলে
সদায় তুমি চুৰমাৰ হৈ যোৱা,
তোমাক জোৰা দিবলৈ গৈ
মোৰ হিয়াখন কঠোৰ হৈ পৰে...
মনতোৱে মানি লবলৈ
অস্বীকাৰ কৰে যে
মোৰো সপোনবোৰ ৰঙীন আছিল...



ৰঙা নীলা সপোনবোৰ
আকৌ তুলিকাৰে
জীপাল কৰি দিয়া ...

নিলাক্ষীলৈ বুলি ...


নিলাক্ষী
বগা খামৰ মাজত
তোমালৈ বুলি চিঠি লিখা নহল
বেয়া নাপাবা...


আজি আকৌ মই প্রেমত পৰিছো



ও তোমাৰ প্রেমত ...
নতুনকৈ সপোনবোৰ
জোৰা লাগিব ধৰিছে...
মনটো আজি ডাঠ কৰি লৈছো
তোমাক নিজৰ কৰি লবলৈ...
সপোনবোৰ ভাগিবলৈ নিদিবা...


মোৰ কবিতাৰ মাজত
তোমালৈ মৰম যাচিলো...

মোৰ উদং হিয়াখন উজাৰি
আজি মই তোমাক
দেখুৱাব খুজিছো
মই কিমান দুর্ভগীয়া...


এই ভাগি যোৱা হৃদয়ৰ টুকুৰাবোৰ
আজি বুটলিবলৈ মাতিছো তোমাক ...
আহিবানে মোৰ ভগা পজালৈ...

সচাকে প্রেমত পৰিছো...

ইতি
মৰমৰ বিকাশ...






আশা কৰো তাই আহিব মোৰ জীৱনলৈ...

অপৰূপা...


মোৰ প্রেয়সীৰ নাম অপৰূপা...

ঠিকনাবিহীন এটা বেনামী নামঅপৰূপা...

তাইৰ কাজল সনা দুচকুৰ আৰত

লুকাই আছে মৰমৰ অশ্রু...



তাইৰ ওঠৰ পৰশত

জিপাল হৈ পৰে

মোৰ নিসংগতা...



দুহাত মেলি ৰৈ আছো

তোমাৰ বাবে

অপৰূপা...

দাগ...


পদুলিমুখৰ দলিচাখনিমোহাৰি

তাই দুখৰ বোকাবোৰ আঁকি দি গল..



সেই বোকাবোৰ হৈ পৰিল


মোৰ জীৱনৰ দাগ...


এটি কলা


দাগ...

চিঠি ... the letter...









বগা খামৰ ভিতৰত থকা
সেই চিঠিখন
আজিও মোনাৰ ভিতৰতে থাকি গল ...



দিম দিম বু্লি
সাচি থৈচিলো বুকুৰ এমুঠি মৰম...
ভয় লাগিছিল
তুমি চিঠিখন ফাৰি পেলাবা বুলি...

ভয় হৈছিল
চিঠিখন পাই
তুমি মোক
ঘৃণা কৰিবা বুলি...


তুমি মোৰ পৰা আতৰি যোৱাৰ ভয়ত
বগা খামৰ চিঠিখন 
আজিও দিয়া নহল ...

( বিকাশ
বাঙ্গালুৰু- ০৬২


ফোন নং -- ০৯৫৯০২৮৬৫০৭ )

প্রেমিকৰ কান্দোন...


তোমাৰ স্পর্শ পাবলৈ
আজি মই উত্রাবল হৈ উঠিছো ...
আজি মোৰ হিয়াই কান্দি উঠিছে
এক নুশুনা সুৰ শুনি...


তুমি মোৰ হিয়াৰ কান্দোন
মোৰ হিয়াৰ উচুপনি
কাণ পাতি শুনিচানে ?
চেষ্টা কৰিবাচোন
মোৰ দুঃখত কান্দিবলৈ...


সেমেকি পৰা
ওঠৰ দুইটি পাৰ , 
ৰসেৰে উপচাই দিবলে
কেতিয়া আহিবা তুমি ?


শীতল ৰসাল পৰশ
যেন সপোন হৈ ৰব...

আজি মই নিৰস,
মোৰ জীবন নিৰস,
তোমাৰ অবিহনে...

Thursday 8 December 2011

...............নিসংগতা.....................

...এই শব্দটো মানুহৰ হাড়ে হিমজুৱে আছে নেকি...
...............নিসংগতা.....................


জীৱনৰ প্রতিটো পথত নিসংগতাই সঙ্গ দিয়ে
সেই সঙ্গ হৈ পৰে জীৱনৰ এটি পুৰণি অধ্যায়...


সেই যে পগলা প্রেমিকজনৰ কথা কৈছিলো...
মনত আছেনে??
কত মনত থাকিব ,
সেই যে প্রেমিকজন ...
ফটা হৃদয়টো লৈ ঘূৰি ফুৰিছিল যে ...
মনত পৰিছে এতিয়া...


তেওঁ যেন পাহৰি গৈছিল জীৱনৰ ৰং চং..
বিলীন হৈ গৈছিল নিসংগতাৰ সুৰত...


তেও মোক কৈছিল জীৱনটো হেনো এখন আকাশৰ দৰে
বৰ বিশাল...দূৰৈৰ পৰা ৰংচঙীয়া...পিচে...
যিমানে কিবা পোৱাৰ আশাৰে ওচৰলৈ যোৱা...
ক'লা মেঘবোৰে তোমাক ধাকি ধৰিব...
মেঘৰ অন্ধকাৰৰ মাজত বাস কৰে এই গভীৰ


............নিসংগতা..................



সেই প্রেমিকজন এতিয়া এটা পুৰণি অধ্যায়,
এই স্বার্থপৰ জগতখনে কেতিয়াবা খুলি চাবনে
অধ্যায়টোৰ প্রথম পৃষ্ঠাটো........................
যাৰ কোনো বেটুপাত নাই...



আজি মই এক নিসংগ পৰিবেশত তাইৰ কথা...
ও তাইৰ কথা ভাবিছো...
মইও মমৰ শিখাটোৰ দৰে জ্বলি থাকিম নেকি বাৰু?
যাৰ কোনো অস্তিত্ব নাই...
===============================================

বিকাশ দাস


বেঙ্গালুৰু

সেই বৰষুণজাক...

... কিনকিনিয়া বৰষুণ জাক দেখি মনতো ভাল লাগিল
হাতত গৰম কফি একাপ লৈ ঠৰ লাগি চাই আছিলো...


হঠাৎ দূৰৈত দেখিলো তাই মোলৈ চাই হাহি আছে
মই অবাক হৈ গৈছিলো...
তাই হাত বাউলি দি মোক যেন কাষলৈ মাতিছে...



বৰষুণজাক লাহে লাহে বাঢ়িব ধৰিছে
তাই কেৰেপ কৰা নাই ...
বোকাৰ লগত খেলিব ধৰিছে তাই..
চিঞৰি চিঞৰি যেন কৈ আছে,


' বিকাশ ' আই লাভ ইউ'


মই বাহিৰলৈ ওলাই আহিলো
দৌৰ মাৰি গলো ,
হঠাৎ অনুভব হ'ল ..



হঠাৎ অনুভব হ'ল!


কফি কাপৰ অস্তিত্ব নোহোৱা হল ...


বেয়াকৈ তিতিলো সেই বৰষুণজাকত......

=============================


বিকাশ দাস